এঞ্জেলিনা তোমাৰ মনত পৰে নে
সেই নিমাত ক্লাছৰুমৰ দিনবোৰ
চুলি টানি ক্লাছ বোৰ পাৰ কৰিছিলো।
মনত আছে নে তোমাৰ অভিমানী দিনবোৰ?
ক্লাছৰ বাহিৰত ৰৈ থাকিছিলো
তোমাৰ সেই গোলপীয়া হাঁহি চাব।
মিছাতে দিনবোৰ পাৰ কৰা যেন অনুভৱ হৈছিল।
হয়তো মই আধুনিক হব পৰা নাছিলো
কিন্তু মোৰ চহৰখনৰ উদাহৰণ আছিলা তুমি
নিজানৰ বোকোচাত তোমাক দেখিছিলো
ডাৱৰীয়া আকাশতো যেন পোহৰ হৈ উজলিছিলা তুমি।।
জুবিনৰ দৰে মন যায় গাব পৰা নাছিলো,
হয়তো তোমাৰ প্ৰেমত পৰিছিলো।
বহুত ভয় লাগিছিল কবলৈ, তুমি আতৰি যাবা বুলি।
তুমিহীনতাত মোৰ চহৰখন শূন্য
তুমি মোৰ কবিতাৰ গুঞ্জণ
সেইবাবে মোৰ কবিতা চিৰযুগমীয়া।।
NUR NAZIBUR RAHMAN (c)